শিলচৰত ৪ বছৰীয়া শিশু কন্যাৰ ওপৰত দলবদ্ধ ধৰ্ষণঃ গ্ৰেপ্তাৰ মামা আৰু দুই ভাগিন । rape news

শিলচৰত ৪ বছৰীয়া শিশু কন্যাৰ ওপৰত দলবদ্ধ ধৰ্ষণঃ গ্ৰেপ্তাৰ মামা আৰু দুই ভাগিন । rape news

rape news । শিলচৰত ৪ বছৰীয়া শিশু কন্যাৰ ওপৰত দলবদ্ধ ধৰ্ষণঃ গ্ৰেপ্তাৰ মামা আৰু দুই ভাগিন


অসমৰ শিলচৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ শিশু ধৰ্ষণৰ ঘটনা। শিলচৰৰ সোনাই ৰোডৰ ভাড়াঘৰত ৪ বছৰীয়া এক কন্যা শিশুক দলবদ্ধ ধৰ্ষণ কৰিছে মামা কবিৰ আহমেদ চৌধুৰী আৰু তেওঁৰ দুই ভাগিন সাহিদুল চৌধুৰী আৰু ৱাহিদুল চৌধুৰীয়ে। ঘটনাটোৱে শিলচৰসহ সমগ্ৰ বৰাক উপত্যকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাহিলাৰ কন্যা শিশুটিৰ ওপৰত এই জঘন্য অত্যাচাৰৰ বিষয় জানিবলৈ পোৱা মতে, অভিযুক্ত মামা আৰু ভাগিনদ্বয়ে যোৱা কেইদিন ধৰি শিলচৰৰ সোনাই ৰোডত MOMO বিক্ৰী কৰি ভাড়াঘৰত থাকি আহিছিল। দুদিন পূৰ্বে বনকৰা মহিলাৰ ৪ বছৰীয়া কন্যাটোক তেওঁলোকে ভাড়াঘৰত লৈ যোৱা আৰু উপৰ্যুপি ধৰ্ষণ কৰে। শিশুটিৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছত মাকৰ সন্দেহ হয় আৰু তৎপৰভাৱে বিষয়টো ভাড়াঘৰৰ মালিকক জনায়।

ঘটনাৰ পিছত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ অভিযুক্ত কবিৰ আহমেদ আৰু ভাগিন ৱাহিদুলক আটক কৰি আৰক্ষীক সোপর্দ কৰে। পলাই থকা আনজন ভাগিন সাহিদুলকো নিশা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ধৃত তিনিওজনক শিলচৰ থানাত লৈ গৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে স্থানীয় ৰাইজে এই জঘন্য ঘটনাত জড়িত অভিযুক্ত সকলেৰ ফাঁচী দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top