লক্ষীমপুৰত চন্দন হাজৰীকাৰ মৃত্যুক লৈ ৰহস্য ঘনীভূত।A shocking incident has taken place involving Chandan Hazarika

লক্ষীমপুৰত চন্দন হাজৰীকাৰ মৃত্যুক লৈ ৰহস্য ঘনীভূত।A shocking incident has taken place involving Chandan Hazarika

A shocking incident has taken place involving Chandan Hazarika। কটন কলেজৰ মেধাৱী ছাত্ৰ চন্দন হাজৰীকাৰ মৃত্যুক লৈ পুনৰো চৰ্চা তীব্ৰ হৈ পৰিছে লক্ষীমপুৰত। নৰাগাঁৱৰ বাসিন্দা চন্দনৰ মৃত্যু ঘটিছিল যোৱা ২২ জুলাইত। ঘটনাটোৰ এক মাহ অতিক্ৰম হৈ গ’লেও পৰিয়ালটোৱে এতিয়াও নাপালে কোনো ন্যায়।

পৰিয়ালটোৰ অভিযোগ, চন্দনৰ মৃত্যু এটা স্বাভাৱিক ঘটনা নহয়, এক হত্যাকাণ্ড। অভিযোগ অনুসৰি, সহপাঠী দোঁৱাপাৰৰ ভাৰ্গৱ দাসে 21 জুলাইৰ দিনা ঘৰৰ পৰা খানা খাবলৈ বুলি লৈ গৈছিল চন্দন হাজৰীকাক

কিন্তু সেই নিশাই ৰহস্যজনক অৱস্থাত মুমূৰ্ষু চন্দনক ঘৰৰ চৌহদত এৰি গৈছিল ভাৰ্গৱে। পিছদিনা অর্থাৎ ২২ জুলাইত চন্দনৰ মৃত্যু হয়।

এই ঘটনাৰ পিছতেই ২৩ জুলাইত চন্দনৰ পৰিয়ালে পানীগাও আৰক্ষী থানাত ভাৰ্গৱ দাস, তেওঁৰ ককায়েক আৰু গৌৰাঙ্গ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। যদিও পৰিয়ালটোৰ অভিযোগ, আজিলৈকে আৰক্ষীয়ে কোনো তৎপৰতা দেখুৱাই ব্যৱস্থা গ্ৰহণ কৰা নাই।

ফলস্বৰূপে, কটনৰ এই মেধাৱী ছাত্ৰৰ মৃত্যুক লৈ ৰহস্য দিনক দিনে ঘনীভূত হৈ পৰিছে। পৰিয়ালৰ অভিযোগ, আৰক্ষীয়ে কেৱল “সাধাৰণ এটা দুৰ্ঘটনা” বুলি ঘটনাটোক সামৰি ল’ব চেষ্টা কৰিছে।

চন্দনৰ মৃত্যুক লৈ লক্ষীমপুৰবাসীৰ মাজতো সৃষ্টি হৈছে প্ৰশ্নচিহ্ন। পৰিয়ালৰ একমাত্ৰ দাবী—এই ঘটনাত যথাযথ তদন্ত হ’ব লাগে আৰু চন্দনৰ বাবে ন্যায় নিশ্চিত কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top