Raijor Dal । ঐতিহাসিক ৰংঘৰৰ পৰা আজি ৰাইজৰ দলে গায়ন-বায়নৰ সৈতে এক নতুন অধ্যায়ৰ সূচনা কৰিলে। শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত আৰম্ভ হ’ল “জাতীয় জাগৰণ যাত্ৰা”।

এই যাত্ৰাৰ মূল উদ্দেশ্য হৈছে পঞ্চায়ত-পঞ্চায়তে গৈ ৰাইজক একত্ৰিত কৰি নতুন অসম গঢ়াৰ পৰিকল্পনা আগবঢ়োৱা। উজনিৰ পৰা নামনি দিশলৈ এই যাত্ৰা চলি যাব। শিৱসাগৰৰ মাটিত ৰাইজৰ দলে নতুন সংকল্প গঢ়াৰ পণ লৈছে।

জাতীয় জাগৰণ যাত্ৰাৰ জৰিয়তে দলটোৱে পুনৰ ৰাইজৰ মাজত জাতীয় সমস্যাবোৰ লৈ যাবলৈ চেষ্টা আৰম্ভ কৰিছে। বিশেষকৈ অসম গঢ়াত থলুৱা খিলঞ্জীয়াৰ নেতৃত্ব সুনিশ্চিত কৰা, বিদেশী সমস্যাৰ স্থায়ী সমাধান আদি বিষয়বস্তু এই যাত্ৰাৰ মুখ্য দিশ।

২০২৬ চনৰ নিৰ্বাচনলৈ অতি কম সময় বাকি থাকোতে, ৰাইজৰ দলৰ এই পদক্ষেপক নতুন নিৰ্বাচনী কৌশল হিচাপে চাবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক মহলসমূহে। শিৱসাগৰত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত আশানুৰূপ ফল লাভ নকৰাত দলটোৰ থিংক-টেংকে এক নতুন দিশৰ সন্ধান কৰিছে। তাৰেই অংশস্বৰূপ এই “জাতীয় জাগৰণ যাত্ৰা” আৰম্ভ কৰা হৈছে।

অখিল গগৈয়ে ৰংঘৰত যাত্ৰাৰ পূৰ্বে জনাইছিল — “ৰাইজৰ দলে আগন্তুক নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ কৰিলে অসমীয়া জাতিক এটা পেশাদাৰী জাতি হিচাপে গঢ়ি তুলিব।”
