whatsapp হোৱাটছএপ চাবলৈ নিদিয়াত লিভ-ইন সংগীনীক হত্যা কৰাৰ অভিযোগ; মৃতদেহ টুকুৰা কৰি খালত পেলোৱাৰ অভিযোগ
উত্তৰ প্ৰদেশত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, দীপক নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে তেওঁৰ লিভ-ইন সংগিনী ৰেছমাক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি খালত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাথমিক তদন্ত অনুসৰি, ঘটনাৰ দিনা ৰেছমাৰ মোবাইল ফোনৰ হোৱাটছএপ চাব বিচৰাৰ সময়ত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, সেই সংঘাতৰ পিছতেই দীপকে ৰেছমাক হত্যা কৰে। পৰৱৰ্তী সময়ত অপৰাধৰ প্ৰমাণ লুকুৱাবলৈ মৃতদেহ টুকুৰা-টুকুৰ কৰি বিভিন্ন স্থানত পেলাই দিয়াৰ অভিযোগ আছে।
আৰক্ষীয়ে জনোৱা মতে, ৰেছমা তিনিটা সন্তানৰ মাতৃ আছিল। তেওঁ পূৰ্বৰ স্বামী আৰু সন্তানক এৰি কিছুদিন ধৰি দীপকৰ সৈতে লিভ-ইন সম্পৰ্কত বাস কৰি আছিল।
ঘটনাৰ তদন্ত চলি থকাৰ সময়ত আৰক্ষীয়ে অভিযুক্ত দীপকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। মৃতদেহৰ উদ্ধাৰ হোৱা অংশসমূহ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্তৰ অন্তত ঘটনাৰ অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
