ৰাজ্য কেবিনেটে প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে এখন বিশেষ ফাষ্টট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত ঘোষণা কৰাৰ পাছতেই নিশা সামাজিক মাধ্যমত নিজৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়ে যে বৃহস্পতিবাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। বিশেষ আদালতখনৰ কাম-কাজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্ত্বাৱধানত পৰিচালিত হ’ব। দৈনিক ভিত্তিত শুনানি চলাই গোচৰটোৰ দ্ৰুত নিষ্পত্তি নিশ্চিত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে।
কেবিনেট বৈঠকৰ অন্তত ফাষ্টট্ৰেক কোৰ্টৰ সিদ্ধান্ত ঘোষণা হোৱাৰ পাছতে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখে যে বহুদিন ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকে জুবিন গাৰ্গৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে এখন Dedicated Court গঠনৰ দাবী জনাই আহিছে। পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকেও বিচাৰে যে জুবিনৰ হত্যাকাণ্ডৰ দোষীসকলৰ বিৰুদ্ধে সকলো আইনী পদ্ধতি অনুসৰি অতি কম সময়ৰ ভিতৰতে বিচাৰ সম্পন্ন হওক আৰু অভিযুক্তক শাস্তি প্ৰদান কৰা হওক।

তেওঁ উল্লেখ কৰে যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে গঠিত উচ্চপৰ্যায়ৰ এছ আই টিয়ে বিশদ তদন্তৰ অন্তত উপযুক্ত সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষীক চিনাক্ত কৰিছে আৰু ঘটনাটো এক হত্যাকাণ্ড বুলিও নিশ্চিত হৈছে। সেইহেতু হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব বুলি তেওঁ মন্তব্য কৰে।
গৰিমাই লগতে কয়, জুবিন কেৱল তেওঁলোকৰ পৰিয়ালৰ নহয়, সমগ্ৰ অসমীয়া ৰাইজৰ। ৰাইজৰ মৰম আৰু আগ্ৰহক সন্মান জনাই তেওঁলোকে কোনো সিদ্ধান্ত ল’ব বিচাৰে। যিহেতু গোচৰটো চলিছে অসম ৰাজ্য আৰু অভিযুক্তসকলৰ মাজত, সেয়ে অপৰাধীৰ শাস্তি নিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য আৰু দায়বদ্ধতা বুলি তেওঁ স্পষ্ট কৰে। “Justice delayed is justice denied” বুলি উল্লেখ কৰি তেওঁ আদালতত ইতিমধ্যে নিশ্চিত হৈ থকা কথাবোৰ সোনকালে প্ৰতিষ্ঠা হোৱাটো কামনা কৰে।
শেষত গৰিমা শইকীয়া গাৰ্গে কয়, “এতিয়া কেৱল আমিয়েই নহয়, সমগ্ৰ অসমৰ জনসাধাৰণে অভিযুক্তই কঠোৰতকৈ কঠোৰতম শাস্তি পোৱা দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।” মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি বিশেষ ফাষ্টট্ৰেক আদালতখন সোনকালে স্থাপন কৰি দৈনিক ভিত্তিত শুনানি চলোৱাৰ জৰুৰী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশা প্ৰকাশ কৰে তেওঁ। লগতে দেশৰ কোটি কোটি অনুৰাগীৰ আস্থা আৰু বিশ্বাস ৰক্ষা কৰি ন্যায় ব্যৱস্থাই জুবিনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অতি সোনকালে উচিত ৰায়দান কৰিব বুলিও আশা ব্যক্ত কৰে।
