জলজলী প্ৰেছ ক্লাৱ গঠন, ১১ জনীয়া পূৰ্ণাংগ কমিটি ঘোষণা

জলজলী প্ৰেছ ক্লাৱ গঠন, ১১ জনীয়া পূৰ্ণাংগ কমিটি ঘোষণা

গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলিতোলা আৰু ইয়াৰ পাশ্বৱৰ্তী এলেকাৰ লগতে বৰপেটা জিলাৰ চেঙা অঞ্চলৰ সাংবাদিকসকলৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণৰ লক্ষ্যৰে নতুনকৈ এখন প্ৰেছ ক্লাৱ গঠন কৰা হৈছে। নবাগত শিমলীতোলাত ইমান মীৰৰ পৌৰোহিত্যত অনুষ্ঠিত এখন বিশেষ সাধাৰণ সভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি “জলজলী প্ৰেছ ক্লাৱ” আনুষ্ঠানিকভাৱে গঠন কৰা হয়।

সভাত উপস্থিত সাংবাদিকসকলে একমত হৈ ১১ জনীয়া এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠন কৰে। NK TV-ৰ সাংবাদিক ইনামূল হকক সভাপতি আৰু Assam Live 24 ৱেব পৰ্টেলৰ সাংবাদিক বাহাৰুল ইছলামক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। উপ-সভাপতি হিচাপে AB Live 24 ৱেব পৰ্টেলৰ সাংবাদিক আব্দুল বাৰিক আৰু সহ-সম্পাদক হিচাপে অসম লাইভ ২৪-ৰ সাংবাদিক নুৰ জামাল হুছেইনক দায়িত্ব অৰ্পণ কৰা হয়।

নৱগঠিত ক্লাৱৰ সভাপতি ইনামূল হকে কয় যে বৃহৎ অঞ্চলটোত দৈনন্দিনভাৱে সংঘটিত হোৱা বিভিন্ন ঘটনা-পৰিঘটনা আৰু জ্বলন্ত সমস্যাসমূহ শাসক পক্ষৰ দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত প্ৰেছ ক্লাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ ক্লাৱৰ প্ৰতিজন সদস্যক সদায় সত্য আৰু ন্যায়ৰ পথত থাকি শক্তিশালীভাৱে জনস্বাৰ্থৰ বিষয়সমূহ উত্থাপন কৰাৰ আহ্বান জনায়।

উল্লেখযোগ্য যে, অঞ্চলটোত সাংবাদিকসকলৰ মাজত ঐক্য আৰু সমন্বয় বৃদ্ধি কৰাৰ লগতে সংবাদ জগতখন অধিক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে “জলজলী প্ৰেছ ক্লাৱ” গঠন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top