ৰঙিয়াত ৰেলপথত উদ্ধাৰ ২১ বছৰীয় যুৱকৰ মৃতদেহ, চাঞ্চল্য সৃষ্টি । Rangia News

ৰঙিয়াত ৰেলপথত উদ্ধাৰ ২১ বছৰীয় যুৱকৰ মৃতদেহ, চাঞ্চল্য সৃষ্টি । Rangia News


Rangia News । ৰঙিয়াৰ সাহানত পুৱা ৰেলপথত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মৃত যুৱকজনক চিনাক্ত কৰা হৈছে ৰঙিয়া সাহানৰ ২১ বছৰীয়া মৃদুল আলী বুলি।

পুৱা পৰিয়াল আৰু স্থানীয় ৰাইজে ৰেলপথৰ ওপৰত মৃতদেহটো প্ৰত্যক্ষ কৰি ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়ে। যুৱকজনে আত্মহত্যা কৰিলে নে কোনো দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ ৰেলপথত পেলাই থৈ গ’ল—সেই সন্দেহত সৃষ্টি হৈছে ৰহস্য।

যুৱকজনৰ মৃতদেহ ৰঙিয়া–গুৱাহাটী ৰেলপথৰ RM 11 আৰু RM 12 ৰেল গেটৰ মাজভাগত উদ্ধাৰ কৰা হয়। ঘটনাস্থলীত ৰঙিয়া ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয়।

ঘটনাটোৱে সমগ্ৰ অঞ্চলক স্তম্ভিত কৰি তুলিছে। পৰিস্থিতি সম্পৰ্কে আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top