Jankalyan NGO । বৰভাগৰ বৰকুলহাটী গাঁও (কহাঝাৰ)ত আজি জনকল্যাণ মঞ্চ, বৰভাগৰ “সহাৰি ন্যাস”ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ৰক্তদান কাৰ্যসূচী আয়োজিত হয়।

এই উদ্যোগত নিৰলা দেৱীক ৰক্তদান কৰে জনকল্যাণ মঞ্চৰ সভাপতি শিৱ ভূঞাই। বিপদৰ সময়ত জনকল্যাণ মঞ্চ সদায় আগবঢ়াই আহক বুলি স্থানীয় ৰাইজে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

জনকল্যাণ মঞ্চৰ এই মহৎ পদক্ষেপে বৰভাগত এক নতুন দৃষ্টান্ত স্থাপন কৰিছে। বিভিন্ন সামাজিক অনুষ্ঠান অনুষ্ঠিত হৈ অহা অঞ্চলটোত এইধৰণৰ উদ্যোগ আগতে নজিৰ সৃষ্টি নকৰিলেও, এইবাৰ জনকল্যাণ মঞ্চৰ পদক্ষেপ বৰভাগবাসীয়ে শলাগ লৈছে।

সামাজিক সেবা আৰু জনহিতকাৰী কামত এই প্ৰচেষ্টা আগলৈও অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
