ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিলে পংকজ পাঠক, কাৰণ কি? pankaj pathak

ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিলে পংকজ পাঠক, কাৰণ কি? pankaj pathak

pankaj pathak । গোৱালপাৰা চহৰৰ বিহু ফিল্ডত অশান্তি, তিৰস্কাৰ আৰু অৱশেষত আঁঠুকাঢ়ি ক্ষমা খুজিব লগা হ’ল জনপ্ৰিয় আয়ুৰ্বেদ বিশেষজ্ঞ আচাৰ্য পংকজ পাঠক আৰু তেওঁৰ কোম্পানীৰ সদস্যসকল।

ঘটনাৰ সূত্রপাত হয় যেতিয়া এগৰাকী মহিলা চুলিৰ সমস্যাৰ পৰামৰ্শ ল’বলৈ বহুত সময় ধৰি ৰৈ থাকিও পংকজ পাঠকক লগ কৰিবলৈ নোৱাৰিলে। মহিলা গৰাকীয়ে বিহু ফিল্ড পৰিচালনা কমিটীৰ সম্পাদক তপন চক্ৰৱৰ্তীক এই বিষয়ে অৱগত কৰে। তপন চক্ৰৱৰ্তীয়ে পংকজ পাঠকক মহিলাৰ সমস্যাৰ কথা ক’বলৈ গৈছিল। অভিযোগ অনুসৰি, এই কথা শুনি পংকজ পাঠক অমৰ্যাদাকৰ আচৰণ দেখুৱায় আৰু কয়—“আপুনি কোন হয়? ঐ ইয়াক ধৰ।”

পংকজ পাঠকৰ দলে তপন চক্ৰৱৰ্তীক নাকে-মুখে ঘূষি মাৰে বুলি অভিযোগ। এই আক্ৰমণৰ খবৰত পৰিস্থিতি তৎক্ষণাৎ উত্তপ্ত হৈ পৰে। বিহু ফিল্ড কমিটীৰ আন সদস্য আৰু স্থানীয় ৰাইজ দলবদ্ধ হৈ পংকজ পাঠক আৰু তেওঁৰ লোকসকলক ঘেৰাও কৰে। অৱশেষত ঘটনাস্থলীত গোৱালপাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

কিন্তু ৰাইজ ততেও ক্ষান্ত নহয়। ৰাইজৰ দাবী আছিল—পংকজ পাঠকে আৰু তেওঁৰ সহকাৰীয়ে সকলোৰে ওচৰত আঁঠুকাঢ়ি ক্ষমা নোখোজা পৰ্যন্ত তেওঁলোকক মুকলি নকৰা হ’ব। অৱশেষত পংকজ পাঠক আৰু তেওঁৰ দলে ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজে আৰু অনাগত দিনত এনে ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তাৰ পিছতহে তেওঁলোকক বিহু ফিল্ডৰ পৰা যাবলৈ অনুমতি প্ৰদান কৰা হয়।

ঘটনাৰ পাছত নিশা পংকজ পাঠকে সামাজিক মাধ্যমত লাইভ আহি দুখ প্ৰকাশ কৰি কয় —তেওঁ কোনো “বেয়া কাম” কৰা নাই । তেওঁৰ সৈতে থকা সৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবেই তেওঁ এই অৱস্থা গ্ৰহণ কৰে বুলি দাবী কৰে। লাইভত হুকহুকাই কান্দি উঠে পংকজ পাঠক। তেওঁ কয়— তেওঁৰ বিৰুদ্ধে পূৰ্বেৰে ৰচিত এখন ষড়যন্ত্ৰৰ অংগ।

ইতিমধ্যেই এই সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top