নন্দিনী OUT দেৱাশ্ৰী IN । Nandini Kashyap । Debashree Das

নন্দিনী OUT দেৱাশ্ৰী IN । Nandini Kashyap । Debashree Das

“নন্দিনীৰ ঠাইত চুক্তিবদ্ধ দেৱাশ্ৰী” Nandini Kashyap । Debashree Das ।


অভিনেত্ৰী নন্দিনী কাশ্যপৰ সৈতে কৰা চুক্তি বাতিল কৰি ৰাজধানী থিয়েটাৰ গোষ্ঠীয়ে নতুনকৈ চুক্তি কৰিলে অভিনেত্ৰী দেৱাশ্ৰীৰ সৈতে। থিয়েটাৰ পৰিচালনাৰ পৰা লাভ কৰা নিশ্চিত খবৰ অনুসৰি, নন্দিনীৰ সৈতে হোৱা সাম্প্ৰতিক বিতৰ্ক আৰু আইনী সমস্যাৰ প্ৰেক্ষাপটত এই সিদ্ধান্ত লোৱা হৈছে।

থিয়েটাৰৰ এগৰাকী মুখপাত্ৰই কয়, “আমাৰ শৃংখলা আৰু নাটকৰ গম্ভীৰতাৰ স্বাৰ্থত এই পৰিৱর্তন কৰা হৈছে। দৰ্শকৰ আগ্ৰহ আৰু নাট্যজগতৰ মান অক্ষুণ্ণ ৰাখিবলৈ দেৱাশ্ৰীলৈ দায়িত্ব অর্পণ কৰা হৈছে।”

উল্লেখযোগ্য যে দেৱাশ্ৰী ইতিমধ্যেই একাধিক মঞ্চ নাটক আৰু বাচনিক অভিনয়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। তেওঁৰ আগমনে থিয়েটাৰখনত নতুন উৎসাহৰ সঞ্চাৰ ঘটাইছে।

ৰাজধানী থিয়েটাৰৰ আগন্তুক নাট্য অনুষ্ঠানত দেৱাশ্ৰীৰ অভিনয় দৰ্শকক চমক প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে নাট্যগোষ্ঠীটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top