শিৱসাগৰৰ কংগ্ৰেছ নেতা অজয় গগৈক গ্ৰেপ্তাৰ। চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ নেতা জনক। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত ডিমৌ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল অজয় গগৈয়ে।
চৰাইদেউ জিলাৰ বিশ্ৰামপুৰৰ অৱনী বৰুৱা নামৰ এজন ব্যৱসায়ীৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱাৰ অভিযোগ অজয় গগৈৰ বিৰুদ্ধে। উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে সোণাৰি আৰক্ষী থানাত সুধাপোছা অব্যাহত ৰাখিছে চৰাইদেউ জিলা আৰক্ষীয়ে।
কেইদিনমান পূৰ্বে চৰম সিদ্ধান্ত গ্ৰহণ কৰা অৱনী বৰুৱাই চুইচাইড নোটত ডিমৌৰ অজয় গগৈ আৰু খোকামৰাৰ বিনন্দ বড়াৰ অত্যাচাৰৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি গৈছিল।
