অসমত আকৌ এবাৰ গঠন হ’ব বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব Himanta Biswa Sarmaই। আজি অনুষ্ঠিত হোৱা এনডিএ বিধায়িনী দলৰ বৈঠকত একমতভাৱে নেতা হিচাপে নিৰ্বাচিত হয় তেওঁ।
প্ৰথমে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে Himanta Biswa Sarmaৰ নাম প্ৰস্তাৱ কৰে ৰণজিৎ দাস, অশোক সিংহল, অজন্তা নেওগ, ড° ৰাজদ্বীপ ৰয়, বিশ্বজিৎ দৈমাৰী, চক্ৰ গগৈ, পিযুষ হাজৰিকা আৰু বিজয় গুপ্তাই। এই প্ৰস্তাৱৰ সমৰ্থন জনায় বি পি এফ আৰু অসম গণ পৰিষদেও।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি Jagat Prakash Nadda আৰু Nayab Singh Sainiৰ উপস্থিতিত বজপেয়ী ভৱনত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ পিছতে কিছু সময়ৰ ভিতৰতে ৰাজ্যপালৰ সৈতে সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাব বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি Himanta Biswa Sarmaই কয়— “এইটো বিজেপি আৰু এনডিএৰ বাবে গৌৰৱৰ দিন। একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা আমাৰ বাবে গৌৰৱৰ কথা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ উল্লেখযোগ্য বিকাশ সম্ভৱ হৈছে।”
তেওঁ আৰু কয় যে, আগন্তুক পাঁচ বছৰত ৰাজ্যৰ উন্নয়ন অধিক ত্বৰান্বিত কৰা হ’ব আৰু দিন-নিশা কাম কৰি “বিকাশিত অসম” গঢ়াৰ লক্ষ্য লৈ আগবাঢ়িব চৰকাৰ। লগতে অগপ আৰু বিপিএফৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে তেওঁ।
উল্লেখ্য যে, অহা ১২ মে’ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নতুন মন্ত্ৰীসভাই শপতগ্ৰহণ কৰিব। তাৰ পূৰ্বে ১০২ গৰাকী বিধায়কৰ সমৰ্থনৰ সৈতে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ আনুষ্ঠানিক দাবী জনাব Himanta Biswa Sarmaই।
