৬ জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে বিটিচিত উত্তাল প্ৰতিবাদ, সচিবালয়ৰ সা-সম্পত্তি ভাঙি লণ্ডভণ্ড । Kokrajhar Erupts in Protest Over Proposal to Grant ST Status to Six Communities in Assam

৬ জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে বিটিচিত উত্তাল প্ৰতিবাদ, সচিবালয়ৰ সা-সম্পত্তি ভাঙি লণ্ডভণ্ড । Kokrajhar Erupts in Protest Over Proposal to Grant ST Status to Six Communities in Assam

Kokrajhar Erupts in Protest Over Proposal to Grant ST Status to Six Communities in Assam । ৬ জনগোষ্ঠীক জনজাতিকৰণ (ST) মর্যাদা প্ৰদানৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি শনি—বাৰ বিটিচি অঞ্চলত তীব্র উত্তেজনা সৃষ্টিৰ ঘটনা সামৰি ল’লে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰা প্ৰতিবাদ শেষ পৰ্যন্ত উগ্ৰ ৰূপ ধাৰণ কৰি সচিবালয় অভিমুখে বিৰাট সমদল উলিয়াই। অভিযোগ অনুসৰি, একাংশ প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি বিটিচি সচিবালয়ত প্ৰৱেশ কৰি আচবাবপত্র ভাঙি লণ্ডভণ্ড কৰে।

শনিবাৰে সন্ধিয়া অসম বিধানসভাত ৬ জনগোষ্ঠী — টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী আৰু চাহ জনজাতিক —ক এছ টি মর্যাদা প্ৰদানৰ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এই প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব। বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই প্ৰতিবেদন অনুমোদিত হৈছিল। কেবিনেটত অনুমোদনৰ পাছতেই বড়োলেণ্ড বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে কেম্পাছত প্ৰতিবাদ আৰম্ভ কৰি তৃতীয় ষান্মাসিকৰ পৰীক্ষা বর্জন কৰিছিল।

শনিবাৰে বিশ্ববিদ্যালয় চৌহদৰ পৰা ছয় কিলোমিটাৰ দূৰত্বত অৱস্থিত বিটিচি সচিবালয়লৈ একযোগে সমদল লৈ গ’ল ছাত্ৰসমাজ। সচিবালয় সন্মুখত শ্লোগানে শ্লোগানে প্ৰতিবাদ তীব্র ৰূপ লয়। এই সময়তে একাংশ প্ৰতিবাদকাৰী বেৰিকেড ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে আৰু সচিবালয়ৰ বহু সা-সম্পত্তি নষ্ট হোৱাৰ তথ্য পোৱা গৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰাত ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়। তথাপিও অঞ্চলটোৰ উত্তেজনা সম্পূর্ণভাৱে আৰম্ভণি সময়ৰ দৰে শান্ত নহয় বুলি উৎসসূত্ৰয়ে জনায়।

ইফালে সদৌ বড়ো ছাত্ৰ সন্থা (ABSU), বিভিন্ন জনজাতীয় সংগঠন আৰু কোকৰাঝাৰ চহৰৰ বহু জনগোষ্ঠীয়ে বৃহস্পতিবাৰে সমদল উলিয়াই ৬ জনগোষ্ঠীক ST মর্যাদা প্ৰদানৰ প্ৰস্তাৱৰ তীব্র বিৰোধিতা কৰিছিল। সংগঠনসমূহৰ যুক্তি— নতুনভাৱে ৬ জনগোষ্ঠী অন্তর্ভুক্ত হ’লে বৰ্তমানৰ জনজাতীয় গোটসমূহৰ সাংবিধানিক সুৰক্ষা আৰু শিক্ষাগত-কর্মসংস্থাপন সুযোগ হ্ৰাস পায়।

শনিবাৰে সংঘটিত উগ্ৰ প্ৰতিবাদৰ পাছতে ABSU ৰ সভাপতি দ্বীপেন বড়োৱে সামাজিক মাধ্যমত এক আহ্বান জনাই কয়,
“প্ৰতিবাদ অহিংস, গণতান্ত্ৰিক আৰু শান্তিপূর্ণ হ’ব লাগিব। সকলোকে শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ অনুৰোধ জনাইছোঁ। কোকৰাঝাৰত সচিবালয়ত প্ৰৱেশ কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰ আৰু শিক্ষানুষ্ঠানলৈ উভতি যোৱা উচিত। সচিবালয় আমাৰ শাসনৰ মন্দিৰ, গণতন্ত্ৰৰ গৌৰৱ; শ্বহীদৰ বলিদানেৰে গঢ়ি তোলা এই প্ৰতিষ্ঠানৰ সন্মান ৰক্ষা কৰাটো আমাৰ দায়িত্ব।”

৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো লৈ বিটিচিত চলি থকা উত্তেজনা অব্যাহত আছে। পৰিস্থিতি সম্পূৰ্ণ স্থিৰ হোৱাৰ অপেক্ষাত অঞ্চলবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top