Younus Tamuly । সামাজিক মাধ্যমত কৰা এক বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি “বাঘ সেনা” নামৰ সংগঠনৰ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। জাগৃতি নাৰী সমাজে বৃহস্পতিবাৰে এই এজাহাৰ দাখিল কৰি ইউনুছ তামুলীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

সংগঠনটোৰ অভিযোগ অনুসৰি, ইউনুছ তামুলীয়ে নিজৰ ফেচবুক একাউণ্টত মহিলাসমাজক লক্ষ্য কৰি অশ্লীল, কুৰুচিপূৰ্ণ আৰু অপমানজনক মন্তব্য প্ৰকাশ কৰিছে। এই মন্তব্যই নাৰী সমাজৰ মৰ্যাদাত আঘাত হানিছে বুলি অভিযোগ উত্থাপন কৰে জাগৃতি নাৰী সমাজে।

বিতৰ্কৰ সৃষ্টি কৰা ফেচবুক পোষ্টটোত ইউনুছ তামুলীয়ে লিখিছিল—
“আপোনাৰ পৰিয়াল গৰ্ভৱতী হোৱা নাই নেকি? তেনে হ’লে এতিয়াৰ পৰা আৰু চিন্তা নাই। মাত্ৰ এটা সাধাৰণ উপায় অৱলম্বন কৰি আপুনিও সন্তানৰ মুখ দেখিব পাৰিব। কামটো হ’ল পুৱা-গধূলি ‘মিঞা মিঞা’ বুলি দুই-তিনিটা পোষ্ট দিয়ক, চাব আপোনাৰ পৰিয়ালৰ কোলাত এক সপ্তাহৰ ভিতৰত সন্তান প্ৰাপ্তিৰ সুখ অনুভৱ কৰিব।”

এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি জাগৃতি নাৰী সমাজে কয় যে, এনে ভাষা কেৱল মহিলাসকলকেই নহয়, সমগ্ৰ সমাজক অপমান কৰিছে। সংগঠনটোৱে অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
সংগঠনটোৱে লগতে সতৰ্কবাণী দিয়ে যে, যদি আৰক্ষীয়ে ঘটনাটোৰ ওপৰত দ্ৰুত পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।
ইফালে, এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে। অৱশ্যে এই প্ৰতিবেদন লিখাৰ সময়লৈকে ইউনুছ তামুলীৰ ফালৰ পৰা অভিযোগসমূহৰ ওপৰত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া লাভ কৰা হোৱা নাই।
