Guwahati News । মহানগৰীৰ মালিগাঁওৰ কালীপুৰ-ভূতনাথ অঞ্চলত সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত দুচকীয়া বাহনৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাত মৃত্যু ঘটে পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰী পৰীস্মিতা হাজৰিকাৰ।

জানিব পৰা মতে, সোণাৰি শান্তিপুৰৰ বাসিন্দা পৰীস্মিতা হাজৰিকা এজন সহপাঠী জ্যোতিৰ্ময় মহনৰ সৈতে স্কুটিৰে পৰীক্ষা কেন্দ্ৰলৈ গৈ আছিল। সেই সময়তে মালিগাঁওৰ কালীপুৰ-ভূতনাথ অঞ্চলত পথৰ কাষৰ এটা বৃহৎ গছ হঠাতে উভালি পৰি তেওঁলোকৰ দুচকীয়া বাহনৰ ওপৰত বাগৰি পৰে।

দুৰ্ঘটনাটোত পৰীস্মিতা হাজৰিকা গুৰুতৰভাৱে আহত হয়। স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই কৰুণ ঘটনাত পৰীস্মিতাৰ অকাল মৃত্যুৱে পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ তথা মহাবিদ্যালয়খনত গভীৰ শোকৰ সৃষ্টি কৰিছে।

আনহাতে, ঘটনাটোত জ্যোতিৰ্ময় মহন নামৰ আনজন ছাত্ৰও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সাম্প্ৰতিক বৰষুণ আৰু বতাহৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত গছ উভালি পৰা ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে। এই ঘটনাৰ পাছত পথৰ কাষৰ বিপজ্জনক গছসমূহ পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
এই শোকাৱহ ঘটনাই সমগ্ৰ অসমক স্তম্ভিত কৰি তুলিছে। মৃত ছাত্ৰী পৰীস্মিতা হাজৰিকাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহত জ্যোতিৰ্ময় মহনৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্নজনে।
