Suvendu Adhikari-ৰ নেতৃত্বত পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠন হ’ল। শনিবাৰে কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। ৰাজ্যপাল R. N. Ravi-এ তেওঁক শপতবাক্য পাঠ কৰায়। অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী Narendra Modi, কেন্দ্ৰীয় গৃহমন্ত্ৰী Amit Shah, প্ৰতিৰক্ষা মন্ত্ৰী Rajnath Singh-সহ বিজেপি শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী। ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই পশ্চিম বংগত প্ৰথমখন বিজেপি চৰকাৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ

গেৰুৱা বসন পৰিধান কৰি মঞ্চত উপস্থিত হোৱা শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণৰ সময়ত জনসমাগমৰ উচ্ছ্বাসে ব্ৰিগেড পেৰেড গ্ৰাউণ্ড মুখৰ কৰি তোলে। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে বহু বিশিষ্ট ব্যক্তি আৰু ৰাজ্যজুৰি অহা হাজাৰ হাজাৰ সমৰ্থকে এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হয়।
শুভেন্দু অধিকাৰীৰ সৈতে আজি মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা Dilip Ghosh, Agnimitra Paul, Ashok Kirtania, Nisith Pramanik আৰু Khudiram Tudu-এ। ৰাজ্যৰ নতুন মন্ত্ৰীসভাৰ প্ৰথম পৰ্যায়ত মুঠ ৬ জনে শপতগ্ৰহণ কৰে।
ইফালে, পুৱা কলকাতা বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায় শুভেন্দু অধিকাৰীয়ে। তাৰ পিছত হেলিকপ্টাৰেৰে দুয়ো ৰেচকোৰ্চত উপস্থিত হয় আৰু তাৰ পৰা গাড়ীৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডলৈ যায়। প্ৰধানমন্ত্ৰী মোদী, ৰাজ্যিক সভাপতি Samik Bhattacharya আৰু শুভেন্দু অধিকাৰীয়ে জনতাৰ মাজেৰে মঞ্চত উপস্থিত হোৱাত সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহ দেখা যায়।
উল্লেখ্য যে, সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত ভৱনীপুৰ আৰু নন্দিগ্ৰাম — দুয়োটা আসনতেই জয়লাভ কৰিছিল শুভেন্দু অধিকাৰীয়ে। কালি অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত তেওঁক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেন্দু অধিকাৰীৰ নাম ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।
