Nalbari > নলবাৰীৰ বৰী গাঁওত শোকৰ সৰুঙে ছেটিকৈ আছে। সুস্থ শৰীৰে চিকিৎসাৰ বাবে গুৱাহাটীৰ পৰা চেন্নাইলৈ যোৱা ডিম্পী বায়ন ঘূৰি আহিল নিথৰদেহ হৈ। ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল, পৰিয়াল আৰু গাঁওবাসী শোকস্তব্ধ।
চামতাৰ কামরূপ মহাবিদ্যালয়ৰ পৰা যোৱা বৰ্ষত স্নাতক উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী ডিম্পীয়ে কিছুকাল ধৰি ব্ৰেইনৰ এক জটিল ৰোগে পীড়িত হৈছিল। গুৱাহাটীত দীঘলীয়া দিন ধৰি চিকিৎসা চলাৰ পিছতো অৱস্থা উন্নত নহ’ব লাগিলে পৰিয়ালে চেন্নাইৰ এপল’ হস্পিতাললৈ লৈ যায়। কিন্তু চিকিৎসাধীন অৱস্থাতেই সোমবাৰে ডিম্পীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
হস্পিতালত ব্ৰেইনৰ বায়’চাৰ্জাৰী কৰাৰ পিছত আচমকা অৱস্থা অৱনতি হয় আৰু শেষত মৃত্যুকে আকোৱালি লয় মাত্ৰ ২৬ বছৰীয়া ডিম্পীয়ে। আকস্মিক আৰু হৃদয়বিদাৰক মৃত্যুৰ পিছতে বিপদত পৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো। মৃতদেহ স্বগৃহলৈ আনার বাবে উঠে অসহায় অৱস্থা।
এই পৰিস্থিতিত আগবাঢ়ি আহে গাঁওবাসী আৰু বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা। তেওঁলোকৰ ব্যৱস্থা, ব্যক্তিগত প্ৰচেষ্টা আৰু সহযোগৰ ফলতে ডিম্পীৰ নশ্বৰ দেহটো চেন্নাইৰ পৰা ঘূৰাই আনিব সক্ষম হয় পৰিয়াল।
মঙ্গলবাৰে সন্ধিয়া মৃতদেহ গাঁৱলৈ অহাৰ পিছতে সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশ। কান্দোন, শোক আৰু বেদনাই ভৰি পৰে সকলোকে। সহায়-সহযোগত সদায় আগভাগ লোৱা ডিম্পীৰ মৃত্যুত গাঁওবাসী, পৰিয়াল-আত্মীয় সকলে ভাঙি পৰে।
উল্লেখযোগ্য যে অহা ফাগুন মাহত ডিম্পীৰ বিবাহৰো গুণাগুণা চলি আছিল। সপোনেৰে ভৰা এযোৱন যুৱতীৰ অসময়ে মৃত্যুৱে বৰী গাঁৱৰ আকাশ-পাতালক যেন শোকাচ্ছন্ন কৰি তুলিছে।
