গুৱাহাটীত পুনৰ বৃদ্ধি সোণৰ দাম, ৰূপৰ বজাৰো চঞ্চল । Gold Price Today । বিগত কেইবাদিন ধৰি অব্যাহত তাৰতম্যৰ মাজতেই বুধবাৰে পুনৰ বৃদ্ধিৰ পথ লৈছে সোণৰ দাম। ‘গুড ৰিটাৰ্ণছ’ৰ তথ্য অনুসৰি, মঙলবাৰৰ তুলনাত গুৱাহাটীৰ বজাৰত আজিও উৰ্ধ্বমুখী হৈছে মূল্য।
আজিৰ দিনটোত—
- ২৪ কেৰেটৰ সোণ প্ৰতিগ্ৰামৰ মূল্য ১২,৭৯১ টকা, যা কাইলৈৰ তুলনাত ৮৭ টকা বৃদ্ধি।
- ২২ কেৰেটৰ সোণ প্ৰতিগ্ৰাম ১১,৭২৫ টকা, বৃদ্ধি ৮০ টকা।
- ১৮ কেৰেটৰ সোণ প্ৰতিগ্ৰাম ৯,৫৯৩ টকা, বৃদ্ধি ৬৫ টকা।
সোণৰ দামৰ লগতে ৰূপৰ বজাৰো চঞ্চল দেখা গৈছে। গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত—
- ৰূপ প্ৰতিগ্ৰাম বিক্ৰী হৈছে ১৬৯ টকাত,
- প্ৰতি কেজি মূল্য ১,৬৯,০০০ টকা।
সোণ-ৰূপৰ অব্যাহত বৃদ্ধি সাধাৰণ গ্ৰাহকৰ লগতে বজাৰ অংশগ্ৰহণকাৰীৰ মাজতো উদ্বেগ সৃষ্টি কৰিছে।‘গুড ৰিটাৰ্ণছ’ৰ তথ্য অনুসৰি, বুধবাৰে মঙলবাৰৰ তুলনাত গুৱাহাটীৰ বজাৰত বৃদ্ধি পাইছে সোণৰ দাম।
