Nagaon Crime । নগাঁৱত আৰক্ষীয়ে উন্মোচন কৰিলে সক্ৰিয় মানৱ অংগ সৰবৰাহকাৰী এক বিপজ্জনক চক্ৰ। বৃক্কৰ দালালিৰ সৈতে জড়িত অভিযোগত তিনিজন সন্দেহভাজনক গ্ৰেপ্তাৰ কৰিবলৈ সফল হয় আৰক্ষী।

আৰক্ষীৰ জালত ধৃত হৈছে দীপ দাস, ধৰণী দাস ওৰফে বগামূলা আৰু মহেন্দ্ৰ দাস। আৰক্ষী অধীক্ষক স্বপ্ননীল দাসৰ নেতৃত্বত বিশেষ অভিযান চলি এই তিনিজনক আটক কৰা হয়।

সূত্রৰ তথ্য অনুসৰি, ধৃতসকল মানুহক বিদেশলৈ বৃক্ক বিক্ৰয়ৰ প্ৰলোভন দেখুৱাই শাৰীৰিক অংগ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এই সম্পৰ্কে বৃহৎ জাল উন্মোচনৰ লক্ষ্যে তদন্ত আৰম্ভ কৰিছে।

