শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ, CAA বাতিলৰ দাবী । CAA

শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ, CAA বাতিলৰ দাবী । CAA


CAA । নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰোধীতাৰে আজি শিৱসাগৰ নগৰৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চে। “কা আমি নামানো”, “কা আমি গ্ৰহণ নকৰো” আদি শ্লোগানেৰে মুখৰিত হৈ উঠে সমগ্ৰ এলাকা।

প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশ্ন উত্থাপন কৰি কয়—“১৬ মে কেতিয়া আহিব?”। লগতে তেওঁলোকৰ দাবী, কা সম্পূৰ্ণৰূপে বাতিল কৰিব লাগিব।

প্ৰতিবাদৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে।

শিৱসাগৰত আয়োজিত এই প্ৰতিবাদী সমাৱেশে পুনৰবাৰ জনমানসত চাঞ্চল্য সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top