কাহিলীপাৰাত এয়াৰ কণ্ডিচনাৰ চুৰিৰে জড়িত চক্ৰ উৎখাত, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটী মহানগৰীত এয়াৰ কণ্ডিচনাৰ চুৰিৰে জড়িত এটা চক্ৰৰ বিৰুদ্ধে কাহিলীপাৰা আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। অভিযান চলাই আৰক্ষীয়ে এই চুৰি চক্ৰটোৰ সৈতে জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা যুৱক দুজন হৈছে শুভম দত্ত (২২) আৰু দীপক কুমাৰ সিং (১৯)।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চক্ৰটোৱে বিশেষকৈ এটিএম কেন্দ্ৰসমূহত স্থাপন কৰা এয়াৰ কণ্ডিচনাৰ ইউনিটসমূহক লক্ষ্য কৰি চুৰি কাৰ্য সংঘটিত কৰি আহিছিল।
কাহিলীপাৰা আৰক্ষী থানাৰ গোচৰ নম্বৰ ৬৮/২৬ৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনক লগত লৈ আৰক্ষীয়ে দক্ষিণগাঁৱৰ এখন স্ক্ৰেপ য়াৰ্ডত তালাচী চলায়। তালাচীৰ সময়ত ক্ষতিগ্ৰস্ত অৱস্থাত থকা দুটা এয়াৰ কণ্ডিচনাৰৰ আউটড’ৰ ইউনিট উদ্ধাৰ কৰে আৰক্ষীয়ে।

এই চুৰি চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
