আগন্তুক বিধানসভা নিৰ্বাচনত মিছন ১২৬ৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আগন্তুক বিধানসভা নিৰ্বাচনত মিছন ১২৬ৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আগন্তুক বিধানসভা নিৰ্বাচনত মিছন ১২৬ৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

১০২ৰ পৰা ১১০, তাৰ পাছত ১১৫খন আসন জয়ৰ লক্ষ্য বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ

আগন্তুক অসম বিধানসভা নিৰ্বাচনত ১২৬খন আসনতে জয়লাভ কৰাৰ লক্ষ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ক্ৰিকেটৰ উদাহৰণ দাঙি ধৰি নিৰ্বাচনী লক্ষ্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এজন বেটছমেনে যেনেকৈ শতক অৰ্জনৰ লক্ষ্যৰে খেলপথাৰত নামে, ঠিক তেনেদৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটেও ১২৬খন আসনতে জয়লাভৰ লক্ষ্যৰে আগবাঢ়িছে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, বৰ্তমানৰ ১০২খন আসনৰ পৰা পৰৱৰ্তী নিৰ্বাচনত ১১০খন আৰু তাৰ পাছৰ নিৰ্বাচনত ১১৫খন আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মিত্ৰজোঁটে। অৱশ্যে ১২৬খন আসনতে জয়লাভ কৰাটোৱেই হৈছে চূড়ান্ত লক্ষ্য। এই লক্ষ্যত উপনীত হ’বলৈ কেৱল পৰিকল্পনা কৰিলেই নহ’ব, ইয়াৰ বাবে নিৰন্তৰ পৰিশ্ৰম আৰু সাংগঠনিক তৎপৰতাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক নতুন আশাৰ বাট দেখুৱাইছে বুলিও তেওঁ উল্লেখ কৰে। নগাঁও লোকসভা সমষ্টিত বিজেপিৰ সফলতাৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, জাগীৰোড, ৰহা, নগাঁও আৰু বৰহমপুৰ সমষ্টিত দলটোৰ পৰম্পৰাগত ভোটাৰৰ সমৰ্থন পূৰ্বতকৈ বৃদ্ধি পাইছে। এই চাৰিটা সমষ্টিত বিধানসভা নিৰ্বাচনৰ তুলনাত লোকসভা নিৰ্বাচনত অধিক ভোট লাভ কৰিবলৈ সক্ষম হোৱা বুলিও দাবী কৰে তেওঁ।

ইয়াৰ উপৰি সংখ্যালঘু অধ্যুষিত চামগুৰি, ধিং, ৰূপহী আৰু লাহৰীঘাট সমষ্টিতো বিজেপিয়ে ৩০ শতাংশতকৈ অধিক ভোট লাভ কৰা বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে, কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, নগাঁও লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন তৃতীয় স্থানত আছিল। তেওঁৰ পৰিয়াল আৰু ৰাজনৈতিক স্থিতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন হ্ৰাস পোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সামগ্ৰিকভাৱে, আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ক্ৰমান্বয়ে আসনৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ১০২ৰ পৰা ১১০, তাৰ পাছত ১১৫খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে চূড়ান্ত লক্ষ্য হিচাপে ১২৬খন আসনতে জয়লাভৰ সপোন দেখিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top