Nalbari । নলবাৰী জিলাত পুনৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এইবাৰ জিলাখনৰ বিহামপুৰ ছোৱালী মধ্য/উচ্চ ইংৰাজী বিদ্যালয়ত সংঘটিত হোৱা ঘটনাক লৈ অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, বিদ্যালয়খনৰ শিক্ষক অৰবিন্দ দত্তই দীৰ্ঘদিন ধৰি একাধিক ছাত্ৰীক অনুচিতভাৱে স্পৰ্শ কৰি যৌন নিৰ্যাতন চলাই আহিছিল। ভুক্তভোগী ছাত্ৰীৰ একাংশই এই বিষয়ে পৰিয়ালৰ সদস্যক অৱগত কৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহে।
শুকুৰবাৰে একাধিক অভিভাৱকে বিদ্যালয়ত উপস্থিত হৈ অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে প্ৰধান শিক্ষকৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ আহে। কিন্তু অভিযোগ অনুসৰি, বিদ্যালয় কৰ্তৃপক্ষই বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ নকৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
পৰৱৰ্তী সময়ত বেলশৰ আৰক্ষী বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় আৰু অভিযুক্ত শিক্ষক অৰবিন্দ দত্তক জেৰা কৰাৰ বাবে থানালৈ লৈ যায়। পিছত আৰক্ষীয়ে তেওঁক আটক কৰে।
ইফালে, ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ পৰিয়ালে বেলশৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰে।
ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে, অভিযোগসমূহৰ সত্যাসত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। বৰ্তমান বেলশৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
