অসমৰ সামূহিক স্বাস্থ্যসেৱাত টপচেম চিমেণ্টৰ দায়বদ্ধতা

অসমৰ সামূহিক স্বাস্থ্যসেৱাত টপচেম চিমেণ্টৰ দায়বদ্ধতা

উত্তৰ-পূব ভাৰতৰ অন্যতম বিশ্বাসযোগ্য চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে নৱম সংখ্যক বিনামূলীয়া চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ আৰু চকু পৰীক্ষা শিবিৰ আৰম্ভ কৰাৰ ঘোষণা কৰিছে। ‘I Doctors–N Eye Clinic & Surgery Centre’ৰ অভিজ্ঞ চিকিৎসকসকলৰ সহযোগত আয়োজিত এই শিবিৰে সমগ্ৰ অসমৰ আৰ্থিকভাৱে দুৰ্বল আৰু প্ৰান্তীয় জনগোষ্ঠীৰ মাজত গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত কোম্পানীটোৰ দৃঢ় দায়বদ্ধতাক পুনৰ প্ৰতিফলিত কৰিছে।

অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ দিনীয়া এই কাৰ্যসূচীৰ জৰিয়তে দৰং, ওদালগুৰি, বাক্সা আৰু কামৰূপ মহানগৰ জিলাৰ কেইবাটাও গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চল সামৰি লোৱা হ’ব। বিশেষকৈ সুলভ চকু চিকিৎসাৰ সুবিধাৰ অভাৱ অনুভৱ কৰা অঞ্চলসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে।

শিবিৰত প্ৰায় ২৫০ ৰো অধিক লোকক গুৱাহাটীৰ উক্ত চিকিৎসালয়ৰ অভিজ্ঞ চকু বিশেষজ্ঞ আৰু প্ৰশিক্ষিত চিকিৎসা পেছাদাৰীৰ এটা দলে বিস্তৃত চকু পৰীক্ষা কৰিব। এই স্ক্ৰীনিঙৰ মূল লক্ষ্য হ’ল চকুৰ ছানি পৰা (কেটাৰেক্ট), ৰিফ্ৰেক্টিভ এৰ’ৰ, বয়সজনিত দৃষ্টিশক্তিৰ সমস্যা আদি ৰোগ চিনাক্ত কৰা। ৰোগীসকলে চিকিৎসা পৰামৰ্শ, প্ৰেছক্ৰিপচন আৰু প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাৰ বিকল্প সন্দৰ্ভত দিহা-পৰামৰ্শ লাভ কৰিব।

উল্লেখযোগ্য যে, এই কাৰ্যসূচীৰ অংশ হিচাপে টপচেম চিমেণ্টে স্ক্ৰীনিঙত ধৰা পৰা যোগ্য ৰোগীৰ বাবে ৪০টা বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰৰ সম্পূৰ্ণ ব্যয় বহন কৰিব। এই অস্ত্ৰোপচাৰসমূহ গুৱাহাটীৰ সুসজ্জিত সুবিধাসম্পন্ন ‘I Doctors–N Eye Clinic & Surgery Centre’ত সম্পন্ন কৰা হ’ব। অস্ত্ৰোপচাৰৰ পূৰ্ব মূল্যায়ন, অস্ত্ৰোপচাৰ পদ্ধতি, পিছৰ যত্ন আৰু প্ৰয়োজনীয় ঔষধকে ধৰি সকলো চিকিৎসা ব্যয় কোম্পানীটোৱে বহন কৰিব। আৰ্থিক বাধা দূৰ কৰি সময়মতে জীৱন পৰিৱৰ্তনকাৰী চিকিৎসা প্ৰদান কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।

এই সন্দৰ্ভত মেঘালয় চিমেণ্ট লিমিটেডৰ বিক্ৰী আৰু বিপননৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড০ অনিল কাপুৰে কয়, “টপচেম চিমেণ্টে বহনক্ষম সম্প্ৰদায় গঢ়ি তোলাৰ উদ্দেশ্যে অৰ্থপূৰ্ণ সামাজিক পদক্ষেপসমূহক সদায় সমৰ্থন কৰি আহিছে। এই কাৰ্যসূচীৰ লক্ষ্য কেৱল দৃষ্টিশক্তি পুনৰুদ্ধাৰ কৰা নহয়, বৰং উপকৃত ব্যক্তিসকলৰ সামগ্ৰিক জীৱনৰ মানদণ্ড উন্নত কৰি তেওঁলোকক সমাজৰ সকলো ক্ষেত্ৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ শক্তিশালী কৰা।”

লক্ষণীয়ভাৱে, ২০১৮ চনত আৰম্ভ হোৱা এই চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কাৰ্যসূচীয়ে ইতিমধ্যে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ২০২৫ চনলৈকে কোম্পানীটোৱে ২৪০টা বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি বহু লোকৰ দৃষ্টিশক্তি পুনৰুদ্ধাৰ কৰাত সহায় কৰিছে। তদুপৰি, অন্ধতাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ “National Programme for Control of Blindness and Visual Impairment”ৰ লক্ষ্যৰ সৈতে সামঞ্জস্য ৰাখি নিজৰ প্ৰচেষ্টা আগবঢ়াই আহিছে।

নৱম সংখ্যক শিবিৰৰ শুভাৰম্ভৰ জৰিয়তে টপচেম চিমেণ্টে কেৱল আগশাৰীৰ চিমেণ্ট নিৰ্মাতা হিচাপে নহয়, অসমত স্বাস্থ্যসেৱাৰ সুলভতা আৰু সম্প্ৰদায়ৰ সামগ্ৰিক মংগলৰ বাবে উচৰ্গিত দায়িত্বশীল কৰ্পৰেট নাগৰিক হিচাপেও নিজৰ ভূমিকা অধিক সুদৃঢ় কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top