বৰপেটাৰোডত চাঞ্চল্যকৰ ডকাইতি: সোধা-পোছাৰ বাবে ৪জন আটক, লুটি নিয়া হৈছিল প্ৰায় ১২ কোটি টকাৰ অলংকাৰ

বৰপেটাৰোডত চাঞ্চল্যকৰ ডকাইতি: সোধা-পোছাৰ বাবে ৪জন আটক, লুটি নিয়া হৈছিল প্ৰায় ১২ কোটি টকাৰ অলংকাৰ

বৰপেটাৰোডত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ তদন্ত তীব্ৰতৰ কৰি আৰক্ষীয়ে সোধা-পোছাৰ বাবে ৪জন লোকক আটক কৰিছে। নিশা বৰপেটাৰ দৌলাশাল অঞ্চলত অভিযান চলাই আটক কৰে সন্দেহভাজনসকলক। দিন-দুপৰতে সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বৰপেটাৰোডস্থিত এখন জুৱেলাৰী শ্ব’ৰূমত হঠাৎ সোমাই পৰে মুখ আৱৃত পাঁচজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দল। দুজনৰ মূৰত আছিল হেলমেট, আন কেইজনৰ মুখত মাস্ক। শ্ব’ৰূমত প্ৰৱেশ কৰাৰ লগে লগে কৰ্মচাৰীসকলক ভয় দেখুৱাই বন্দী কৰে আৰু অস্ত্ৰ দেখুৱাই লুটপাত চলায়।

অভিযোগ অনুসৰি, ডকাইতৰ দলটোৱে প্ৰায় ১২ কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ লুটি নিয়ে। কেৱল সেয়াই নহয়, নগদ প্ৰায় ১ লাখ ২৫ হাজাৰ টকাও লৈ যায়। কৰ্মচাৰীসকলৰ হাত-ভৰি ৰছীৰে বান্ধি মুখ প্লাষ্টিকেৰে ঢাকি থৈছিল বুলি অভিযোগ উত্থাপন হৈছে। এজন কৰ্মচাৰীয়ে জনোৱা মতে, পলাবলৈ চেষ্টা কৰোঁতে এজনক গুলীয়াবলৈও উদ্যত হৈছিল ডকাইতৰ দলটো।

ডকাইতৰ দলটোৱে শ্ব’ৰূমৰ CCTVৰ হাৰ্ডডিস্ক ভাঙি লৈ যোৱাৰ উপৰি কৰ্মচাৰীসকলৰ ম’বাইল ফোনো কাঢ়ি নিয়ে। শ্ব’ৰূমৰ মেনেজাৰক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগো উঠিছে।

ঘটনাৰ পিছতে অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিভিন্ন দিশৰ পৰা অনুসন্ধান চলাই থকা বুলি জানিব পৰা গৈছে। আটক কৰা ৪জনক জেৰাৰ জৰিয়তে অধিক তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলি আছে।

এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ আঁৰত কাৰ হাত আছে, সেয়া আৰক্ষীৰ তদন্তত স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।

নিশা বৰপেটাৰ দৌলাশালত অভিযান চলাই ৪ জনক আটক কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top