Paramedical । নলবাৰী চহৰত শৈক্ষিক প্ৰতিষ্ঠানৰ নামত এক ভয়ংকৰ অনিয়ম বাইৰলৈ আহিছে। অভিযোগ অনুসৰি, শান্তিপুৰত অৱস্থিত AISECT পেৰামেডিকেল ইনষ্টিটিউট খনে কোনো বৈধ মান্যতা নাথাকিলেও দীর্ঘদিন ধৰি ক্লাছ চলাই আহিছিল। ইয়াৰ উপৰিও ছাত্ৰ–ছাত্ৰী সকলক ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰা কথাও পোহৰলৈ আহিছে।
এই অভিযোগক কেন্দ্র কৰি মঙলবাৰে ইনষ্টিটিউটৰ চৌহদত উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয়। AISECT পেৰামেডিকেলৰ শতাধিক ছাত্ৰ–ছাত্ৰী প্ৰমাণপত্ৰ কেলেংকাৰীৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভ প্ৰকাশ কৰে। ক্ষুব্ধ শিক্ষাৰ্থীসকলে চামতাস্থিত পেৰামেডিকেলৰ অধ্যক্ষক ঘেৰাও কৰি উত্তৰ দাবী কৰে।

ছাত্ৰ–ছাত্ৰীসকলৰ অভিযোগ —
- ইনষ্টিটিউটটোৱে মান্যতা নাথাকিলেও ‘স্বীকৃত’ বুলি দেখুৱাই ভৰ্তি লোৱা হৈছিল।
- মনমোহক প্ৰচাৰ কৰি হাজাৰ হাজাৰ টকা লওঁতা ইনষ্টিটিউটটোৱে পৰৱৰ্তী সময়ত অবৈধ প্ৰমাণপত্ৰ বিতৰণ কৰিছে।
- ভৱিষ্যৎ অন্ধকাৰ কৰি শিক্ষাৰ নামত প্ৰতাৰণা চলাইছে।

এই প্ৰতিবাদ ন্যায্য অধিকাৰ সুৰক্ষাৰ বাবে, আৰু দোষী সকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ হ’ব লাগিব।
নলবাৰীত শৈক্ষিক প্ৰতিষ্ঠানৰ নামত চলি থকা এই অনিয়মে স্থানীয় মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

নলবাৰীত অনিয়মৰ জাল—চিকিম বিশ্ববিদ্যালয়ৰ নাম লই ছাত্ৰ–ছাত্ৰী প্ৰতাৰণাৰ অভিযোগ
নলবাৰীস্থিত AISECT পেৰামেডিকেল ইনষ্টিটিউটৰ বিৰুদ্ধে প্ৰতিবাদৰ পাছত অধিক ভয়ংকৰ তথ্যসমূহ উন্মোচিত হ’বলৈ ধৰিছে। শিক্ষাৰ্থীসকলৰ বক্তব্য অনুসৰি, ইনষ্টিটিউটটোৱে তেওঁলোকক চিকিম বিশ্ববিদ্যালয়ৰ পৰা প্ৰমাণপত্ৰ দিয়াৰ কথা কৈ ভৰ্তি কৰাইছিল। কিন্তু বাস্তৱত কোনো স্বীকৃতি বা মান্যতা নোহোৱাকৈ বহুদিন ধৰি চলাই থকা হৈছিল এই সংস্থা।

ইতিমধ্যে পৰিস্থিতি গুৰি লোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
- পৰেশ বৰ্মনক অভিযুক্ত হিচাপে আটক কৰি আৰক্ষী তদন্ত আৰম্ভ কৰিছে।
- ইপিনে ইনষ্টিটিউটটোৰ সঞ্চালক গকুল শৰ্মা পলাতক অৱস্থাত থকাৰ খবৰো পোহৰলৈ আহিছে। তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখ হৈছে। গকুল শৰ্মা অন্যতম মূল অভিযুক্ত ।
আৰক্ষীসূত্রে জনোৱা মতে, নথিপত্ৰ পৰীক্ষা–নীৰিক্ষা, শিক্ষাৰ্থীসকলৰ সাক্ষ্যগ্ৰহণ আৰু ইনষ্টিটিউটটোৰ কাৰ্যপদ্ধতি সম্পৰ্কে বিস্তৃত অনুসন্ধান চলি আছে। তদন্ত সম্পূৰ্ণ হ’লে এই সন্দেহজনক ইনষ্টিটিউটটোৰ সকলো কেলেংকাৰী সম্পূৰ্ণৰূপে উন্মোচিত হোৱাৰ সম্ভাৱনা আছে।
এই ঘটনাই নলবাৰী চহৰত শিক্ষাকেন্দ্ৰসমূহৰ মান্যতা আৰু নজৰদাৰীৰ প্ৰতি গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।
