গুৱাহাটী নগৰী কঁপাই দিয়া সাংবাদিক ৰিতুমণি ৰয়ৰ ৰহস্যজনক মৃত্যু—নতুন তথ্য পোহৰলৈ । Girl Death

গুৱাহাটী নগৰী কঁপাই দিয়া সাংবাদিক ৰিতুমণি ৰয়ৰ ৰহস্যজনক মৃত্যু—নতুন তথ্য পোহৰলৈ । Girl Death

Guwahati Girl Death:কিন্তু কিয় গুৱাহাটীৰ মাজ-মজিয়াত নিজৰ জীৱন শেষ কৰি দিলে প্ৰতিশ্ৰুতিসম্পন্ন সাংবাদিকগৰাকীয়ে। সাংবাদিকগৰাকীৰ চৰমপন্থাৰ কাৰণ জানিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে পৰিয়ালে। আনকি আৰক্ষী পিতৃয়েও কন্যাৰ অকাল মৃত্যুৰ কাৰণ জানিবলৈ এবাৰো ইচ্ছুক নহ’ল।

সাংবাদিক ৰিতুমণি ৰয়ৰ ৰহস্যজনক মৃত্যুক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিয়েই আছে। গুৱাহাটীৰ ব্যক্তিগত প’ৰ্টেলৰ কাৰ্যালয়তে নিজৰ জীৱন শেষ কৰি দিয়া ৰিতুমণিক লৈ অন্ত পৰা নাই ৰহস্যৰ। এতিয়ালকৈ ৰিতুমণিৰ পৰিয়াল আৰু ৰিতুমণি কৰ্মৰত কাৰ্যালয়ৰ তৰফৰ পৰা দাখিল কৰা নাই এজাহাৰ।

কিন্তু কিয় গুৱাহাটীৰ মাজ-মজিয়াত নিজৰ জীৱন শেষ কৰি দিলে প্ৰতিশ্ৰুতিসম্পন্ন সাংবাদিকগৰাকীয়ে। সাংবাদিকগৰাকীৰ চৰমপন্থাৰ কাৰণ জানিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে পৰিয়ালে। আনকি আৰক্ষী পিতৃয়েও কন্যাৰ অকাল মৃত্যুৰ কাৰণ জানিবলৈ এবাৰো ইচ্ছুক নহ’ল। তাৰ পৰিৱৰ্তে কেৱল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বিচাৰিহে আবেদন কৰিছে ৰিতুমণি ৰয়ৰ পৰিয়ালে।

কিন্তু আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে বহু বিস্ফোৰক তথ্য। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি দীৰ্ঘদিন ধৰি সাংবাদিক ৰিতুমণি ৰয় ভুগি আছিল মানসিক অশান্তিত। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি কিছুদিনৰ পৰা আৰ্থিক বিপর্যয়ৰ সন্মুখীন হৈছিল ৰিতুমণি ৰয়।

আনফালে তথ্য অনুসৰি পৰিয়ালৰ পৰা ৰিতুমণিক বাৰে বাৰে ধন বিচাৰি হেঁচা দিছিল। আনহাতে ৫ ডিচেম্বৰত হ’বলগীয়া বিয়াক লৈও অশান্তিত আছিল ৰিতু। ৰিতুৰ দৰাৰ পৰিয়ালে বিয়াৰ বাবে কাপোৰ কানি আৰু সোণৰ গহনা বিছাৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে সাংবাদিক ৰিতুমণি ৰয়ৰ পিতৃয়ে।

আৰক্ষীয়ে ৰিতুমণি ৰয়ৰ পৰিয়াল আৰু ৰিতুমণিৰ দৰাক সোধাপোছা কৰি লাভ কৰিছে এইবোৰ তথ্য। আনফালে আৰক্ষীয়ে তথ্য লাভ কৰিছে যে ২০২৪ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীতে নগাঁৱৰ বৰা উপাধি যুৱকজনৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল ৰিতুমণিৰ। তেতিয়াৰে পৰা দুয়ো একেলগে বেলতলাত ভাড়াঘৰত থাকিব লৈছিল।

আনফালে আৰক্ষীয়ে লাভ কৰিছে আৰু এক চাঞ্চল্যকৰ তথ্য। কামৰ বাবে মাজে মাজে ৰিতুমণি ৰয় প’ৰ্টেলৰ স্বত্বাধিকাৰী শুভম আগৰৱালাৰ সৈতে বাহিৰলৈ গৈছিল। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ৰিতুমণিৰ ম’বাইল, এটা সোণৰ আঙুঠি এডাল সোণৰ চেইন আৰু এপাত চাবি।

আৰক্ষীয়ে পৰীক্ষাৰ বাবে ৰিতুৰ ম’বাইল ফোনটো CIDলৈ প্ৰেৰণ কৰিছে। কিন্তু ম’বাইল ফোনটো লকিং চিষ্টেমৰ বাবে এতিয়ালৈ খুলিব পৰা নাই। ইয়াৰ লগতে তদন্তকাৰী আৰক্ষীয়ে ৰিতুমণি ৰয়ৰ ম’বাইলৰ CDR তথ্য উদ্ধাৰ কৰিছে। অৱশ্যে জানিব পৰা অনুসিৰ CDRত কোনো সন্দেহজনক তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top