মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাওখোলাত আছিল আঘাত! Zubeen Garg Death Case

মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাওখোলাত আছিল আঘাত! Zubeen Garg Death Case

Zubeen Garg Death Case মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাওখোলাত আছিল আঘাত! GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

জুবিন গাৰ্গৰ অকাল মৃত্যু তদন্তত দিনক দিনে উন্মোচিত হৈ পৰিছে নতুন নতুন বিস্ফোৰক তথ্য। গুৱাহাটীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ওলাল ভয়ংকৰ তথ্যসমূহে পুনৰ এবাৰ তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে।

সূত্র অনুসৰি, মৰণোত্তৰ পৰীক্ষাত চিকিৎসকে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ ‘চেণ্ট্ৰেল নার্ভাছ চিষ্টেম’ত আঘাতৰ চিহ্ন পোৱা গৈছে, যাৰ ফলত তেওঁৰ মগজুৰ গ্লাইঅ’ছিচ অংশত পৰিৱৰ্তন দেখা গৈছে। এই আঘাতেই মৃত্যুৰ পূৰ্বে তেওঁ ভোগা যন্ত্ৰণাৰ মূল কাৰণ হোৱাৰ সম্ভাৱনা তুলি ধৰিছে বিশেষজ্ঞ চিকিৎসকে। লগতে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, জুবিন গাৰ্গৰ লাওখোলাতো মৃত্যুৰ আগতে আঘাত আছিল, যি এই ঘটনাক আরও সন্দেহজনক কৰি তুলিছে।

এই ভয়ংকৰ তথ্যই তদন্তকাৰী সংস্থা CID আৰু SITক নতুন দিশে লৈ গৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদনৰ পৃষ্ঠভূমিত কৈছে, “CIDএ এতিয়া নিৰ্দিষ্ট দিশ বিচাৰি পাইছে”, যাৰ অৰ্থ হ’ল তদন্তত এখন স্পষ্ট ৰূপ আগবাঢ়িছে।

সেই অনুসাৰে, তদন্তকাৰী SITএ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ হত্যা (ধারা ১০৩), অনিচ্ছাকৃত হত্যা (ধারা ১০৫) আৰু অৱহেলাৰ ফলত মৃত্যু (ধারা ১০৬(১)) অনুসৰি অভিযোগ আৰোপ কৰিছে। এই ধাৰাসমূহই প্ৰত্যক্ষ বা পৰোক্ষভাবে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পিছত থকা ষড়যন্ত্র আৰু দায়বদ্ধতাৰ দিশে আঙুলী দাঙিছে।

উল্লেখযোগ্য যে, ছিংগাপুৰত প্ৰথমে সম্পন্ন কৰা মৰণোত্তৰ পৰীক্ষাৰ পিছত, ২৩ ছেপ্টেম্বৰত গুৱাহাটীত GMCHত দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়, আৰু তাৰ পিছত দিল্লীত সম্পন্ন কৰা হয় ভিছেৰা পৰীক্ষা

তদন্তৰ এই নতুন ফলাফলৰ পিছত অসমবাসীৰ হৃদয়ত উঠিছে একেবাৰে নতুন প্ৰশ্ন—জুবিন গাৰ্গৰ মৃত্যু কি সত্যিই এটা দুৰ্ঘটনা আছিল, নে এটা সুচিন্তিত ষড়যন্ত্র?

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top