নলবাৰীৰ গংগাপুৰ কাণ্ডঃ মূল অভিযুক্ত আছিফ খানৰ জানাজা সম্পন্ন

নলবাৰীৰ গংগাপুৰ কাণ্ডঃ মূল অভিযুক্ত আছিফ খানৰ জানাজা সম্পন্ন । Nalbari murder

Nalbari murder:নলবাৰী জিলাৰ গংগাপুৰত সংঘটিত ৰাজ্য কঁপোৱা হত্যাকাণ্ডৰ পিছত অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে। ঘটনাটোৰ মূল অভিযুক্ত আছিফ খান ওৰফে ৰ’জ আলীৰ জানাজা ৰাজহুৱা কবৰস্থানত নহৈ আত্মীয়ৰ বাসগৃহৰ চৌহদত সম্পন্ন কৰা হয়।

উল্লেখ্য যে, দেওবাৰে নিশা গংগাপুৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাত ছাত্ৰ নেতা মাধুৰ্য্য বৰ্মনৰ মৃত্যুৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্কুতিৰে গৈ থকা অৱস্থাত দুয়োকে আগভেটি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।

ঘটনাটোৰ পিছতে সোমবাৰে বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিফ খানক বৰক্ষেত্ৰীৰ চৰ অঞ্চলত আটক কৰিছিল। পিছত ঘটনাত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰৰ বাবে লৈ যোৱাৰ সময়ত পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত তেওঁৰ মৃত্যু হয়।

আছিফ খানৰ মৃতদেহ গৃহ গাঁও দেহৰকালাকুচিলৈ অনাৰ পিছত গাঁওবাসীয়ে ৰাজহুৱা কবৰস্থানত জানাজা সম্পন্ন কৰিবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লয়। ছয়খনকৈ গাঁৱৰ বাসিন্দাই একমত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযুক্ত ব্যক্তিজনৰ জানাজা ৰাজহুৱা স্থানত অনুষ্ঠিত কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰে।

ইয়াৰ ফলত, গাঁওবাসীৰ অনুপস্থিতিত পৰিয়ালৰ সদস্য আৰু আত্মীয়-স্বজনৰ উপস্থিতিত এখন আত্মীয়ৰ বাসগৃহৰ চৌহদত জানাজা সম্পন্ন কৰা হয়।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বৰ্তমানো উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজমান আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top