প্ৰেমৰ চলনাৰে যুৱতী–নাবালিকাক নিৰ্যাতনৰ অভিযোগ, দিছপুৰ আৰক্ষীৰ জালত অৱতাহী জামান । DISPUR Guwahati Crime News

প্ৰেমৰ চলনাৰে যুৱতী–নাবালিকাক নিৰ্যাতনৰ অভিযোগ, দিছপুৰ আৰক্ষীৰ জালত অৱতাহী জামান । DISPUR Guwahati Crime News

DISPUR Guwahati Crime News। গুৱাহাটী মহানগৰীত পুনৰ এবাৰ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অপৰাধৰ ঘটনা। প্ৰেমৰ চলনাৰে যুৱতী আৰু নাবালিকাক অপকৰ্ম কৰাৰ অভিযোগত অৱতাহী জামান নামৰ এজন যুৱকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ অনুসাৰে, সামাজিক মাধ্যমত প্ৰথমে মিঠা মিঠা কথাৰে যুৱতীসকলক বিশ্বাসত লৈ প্ৰেমৰ জালত পেলাই পিছত মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে। জানিব পৰা মতে, শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ ক’চিং চেণ্টাৰত অধ্যয়নৰত এগৰাকী যুৱতীক অভিযুক্তই প্ৰথমে প্ৰেমৰ জালত পেলায়।

প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতেই অভিযুক্তই যুৱতীগৰাকীৰ ওপৰত দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱা বুলি অভিযোগ কৰা হৈছে। আনকি অত্যাচাৰৰ সময়ত যুৱতীগৰাকীৰ এটা আঙুলি কাটি দিয়াৰো অভিযোগ উত্থাপন হৈছে। তদুপৰি তৰুণ নগৰৰ এটা ভাড়াঘৰত যুৱতীগৰাকীৰ সৈতে অভিযুক্তই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ দাখিল কৰা হৈছে।

উপায়ন্তৰ হৈ ভুক্তভোগী যুৱতীগৰাকীয়ে দিছপুৰ থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ নম্বৰ ২৯/২৬ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু অভিযান চলাই অভিযুক্ত অৱতাহী জামানক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, অভিযুক্ত অৱতাহী জামান এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাণা জামানৰ পুত্ৰ। অভিযোগ অনুসাৰে, পিতৃৰ আৰ্থিক প্ৰভাৱৰ বলত বলীয়ান হৈ অভিযুক্তই পূৰ্বেও একাধিক যুৱতী আৰু নাবালিকাক অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই দিশটোও আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে।

ইফালে, পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই অভিযুক্তৰ পিতৃ ৰাণা জামান দিছপুৰ থানাত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনাইছে যে ঘটনাটোৰ গভীৰ তদন্ত চলি আছে আৰু আইন অনুসাৰে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই ঘটনাই মহানগৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক সংগঠনসমূহে এনে অপৰাধৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top