‘Who is Himanta Biswa Sarma’ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

‘Who is Himanta Biswa Sarma’ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ‘Who is Himanta Biswa Sarma’ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ এই মন্তব্য কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বক্তব্যৰ প্ৰত্যুত্তৰত কয় যে এজন অসমীয়া মানুহক ‘Who is’ বুলি প্ৰশ্ন কৰা কিমান যুক্তিসংগত। তেওঁ কয়, “হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱাৰ ইমান ডাঙৰকৈ কোৱাৰ কি দৰকাৰ আছে? মই দেউতা-মাৰ সন্তান। মই এজন সাধাৰণ ল’ৰা। মই ইমান গুৰুত্বপূৰ্ণ মানুহ নহয় যে অসমীয়া মানুহে মোক ‘Who is’ বুলি সুধিব লাগিব।”

মুখ্যমন্ত্ৰী শৰ্মাই নিজকে এজন সাধাৰণ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ল’ৰা বুলি উল্লেখ কৰি কয় যে ব্যক্তিগত পৰিচয়তকৈ জাতিৰ পৰিচয় ডাঙৰ, অসমীয়াত্ব ডাঙৰ। তেওঁ প্ৰশ্ন তোলে— “এজন অসমীয়া মানুহক ‘Who is’ প্ৰশ্ন কৰা হ’ব নেকি? তাৰমানে মিঞা বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ’ল নেকি? অসমতেই কাইলৈ কোনোবাই ক’ব ‘Who is প্ৰদীপ বৰা’— এনেকুৱা হ’ব পাৰিব নেকি?”

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “মই প্ৰয়াত কৈলাস নাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ পুত্ৰ। GOOGLEত হিমন্ত বিশ্ব শৰ্মা SEARCH কৰিলেই উত্তৰ পোৱা যাব।” তেওঁ লগতে কয় যে গৌৰৱ গগৈৰ এই প্ৰশ্নৰ পৰাই বুজা যায় কংগ্ৰেছ অসমীয়াৰ লগত নাই।

গৌৰৱ গগৈৰ বক্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “গৌৰৱ গগৈয়ে মিঞাক কেতিয়াও ‘Who is’ বুলি নোসোধে। দেউতাকে কৈছিল ‘Who is বদৰুদ্দিন’। আজি পুতেকে ক’ব লাগিছিল ‘Who is ৰেজাউল কৰিম’ বা ‘Who is ৰকিবুল’? কিন্তু তেওঁ উল্টাই কৈছে— ‘Who is Himanta Biswa Sarma?’”

উল্লেখযোগ্য যে কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত গৌৰৱ গগৈয়ে কৈছিল, “মোৰ পিতৃ তৰুণ গগৈয়ে কৈছিল ‘Who is বদৰুদ্দিন’। আজি অসমে একত্ৰিত হৈ ক’ব ‘Who is Himanta’।” এই মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top