কাছাৰৰ বাচকান্দিত ১.২ কোটি টকাৰ হেৰ'ইন জব্দ আটক দুই। Drugs Seized In Cachar 

কাছাৰৰ বাচকান্দিত ১.২ কোটি টকাৰ হেৰ’ইন জব্দ আটক দুই। Drugs Seized In Cachar 

 Drugs Seized In Cachar  । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। গোপন তথ্যৰ‌ ভিত্তিত লক্ষীপুৰ সম জিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বাচকান্দিত অভিযান চলাই এখন বাইকৰ পৰা ৯টা হেৰ’ইনৰ পেকেট জব্দ কৰে।  


পেকেটকেইটাৰ পৰা ২৩৫ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ’ইনখিনিৰ‌ মূল্য  ১.২ কোটি টকা।  ড্ৰাগছ সৰবৰাহৰ‌ অভিযোগত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে।


ধৃত লোক দুজন কচুদৰম এলেকাৰ কালাখালৰ কিয়াম উদ্দিন লস্কৰ আৰু আব্দুল কৰিম তালুকদাৰ বুলি সদৰী কৰিছে আৰক্ষীয়ে। তেওঁ লোকৰ পৰা নম্বৰপ্লেট বিহীন এখন টিভি এছ স্কোটি বাইক আৰু দুটা মোবাইল ফোন ও জব্দ কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top