MARIGAON । মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ হাৰিয়াপাৰ পানীগাঁও গাঁও আজি বাথৌ ধৰ্মীয় ভক্তিৰে মুখৰিত। বাথৌ ধৰ্মৰ পৱিত্ৰ “আৰজত” অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হয় এক বিশেষ ধৰ্মীয় সমাৰোহ, য’ত শতাধিক লোক অংশগ্ৰহণ কৰে।

এই মাহাত্ম্যপূর্ণ অনুষ্ঠানত বাথৌ ধৰ্মৰ প্ৰতীক স্বৰূপ পবিত্ৰ সিজু গছৰ ৰোপণ কৰা হয়। প্ৰায় ৩৪ ঘৰ বড়ো সমাজৰ ভক্তৰ আঙণত একে দিনা একে ধৰ্মীয় আচার-অনুষ্ঠানৰ মাজেৰে ৰোপণ কৰা হয় এই পবিত্ৰ গছ।
ধৰ্মীয় নিয়ম-পদ্ধতি অনুসৰি সম্পূৰ্ণ বাথৌ ধৰ্মীয় নীতি-নিয়ম পালন কৰি অনুষ্ঠিত হয় এই উৎসৱ। ভক্তগণে গীত, প্ৰাৰ্থনা আৰু ধৰ্মীয় আচারৰে বাথৌ থান সমূহত উৎসৱৰ পৰিৱেশ সৃষ্টি কৰে।
উক্ত অনুষ্ঠানৰ আয়োজন কৰে মৰিগাঁও জিলাৰ বড়ো বাথৌ কলং আঞ্চলিক সমিতিয়ে। নেতৃত্ব দিয়ে জিলা বাথৌ সমাজৰ সভাপতি মহেন্দ্ৰ ব্ৰক্ষ্ম আৰু সম্পাদক দেওৰাম চামচুমা বৰমহেলাই।
অনুষ্ঠানত কেন্দ্ৰীয় বাথৌ সমাজৰ প্ৰতিনিধিৰ লগতে নগাঁও জিলাৰ প্ৰতিনিধিসকলো উপস্থিত থাকে আৰু ধৰ্মীয় সম্প্ৰীতিৰ বার্তা প্ৰচাৰ কৰে।
বাথৌ ধৰ্মৰ এই “আৰজত” অনুষ্ঠানই হাৰিয়াপাৰ পানীগাঁওক এক শুভ পবিত্ৰতাৰ মন্দিৰত পৰিণত কৰে — ভক্তজনৰ মুখত একে ধ্বনি, “বাথৌ থান, বাথৌ সিজু — আমাৰ আস্থা, আমাৰ পৰিচয়।”
