অৰুণোদয়ৰ নামত বাঘমাৰাচৰত ব্যাপকহাৰত ধন সংগ্ৰহ ! aronadoi 3.0

অৰুণোদয়ৰ নামত বাঘমাৰাচৰত ব্যাপকহাৰত ধন সংগ্ৰহ ! aronadoi 3.0

aronadoi 3.0 । অৰুণোদয় ৩.০ ত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বঞ্চিত মহিলাই।


চেঙা সমষ্টিৰ বাঘমাৰাচৰ গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ প্ৰায় শতাধিক মহিলাৰপৰা ২ হেজাৰৰপৰা ৪ হেজাৰ পৰ্যন্ত টকা লোৱাৰ পিছতো তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত নথকাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে বঞ্চিত মহিলা সকলে ।


ভূক্তভোগী মহিলা সকলে অভিযোগ কৰা মতে, গাঁওখনৰ ৮০-৯০ গৰাকী মহিলাৰপৰা এনেদৰে ধন সংগ্ৰহ কৰিছে যদিও এজনেও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন।
গাঁওখনৰ ৰহিজুদ্দিন আহমেদ নামৰ এজন যুৱকে ব্যাপকহাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা সকলে। দৰিদ্ৰ মহিলাৰপৰা ধন সংগ্ৰহ কৰি নিজৰ পৰিয়ালৰ আটাইৰে নাম সন্নিবিষ্ট কৰিছে তালিকাত।


কেৱল অৰুণোদয় আঁচনিয়েই নহয়, আত্মসহায়ক গোট পঞ্জীয়ণ কৰাই দিয়াৰ নামত ৰহিজুদ্দিন আহমেদে প্ৰতিগৰাকী মহিলাৰপৰা ১৮০০ কৈ টকা সংগ্ৰহ কৰিছে যদিও আজিলৈকে পঞ্জীয়ণ নহল এনে আত্মসহায়ক গোট।
চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাই দিয়াৰ নামত দালালিত নামিছে ৰহিজুদ্দিনে ।নিজকে অগপ কৰ্মী বুলি জাহিৰ কৰি ফুৰা দালাল ৰহিজুদ্দিন আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভূক্তভোগী মহিলা সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top