
Assamese actress Nandini Kashyap arrested for hit-and-run accident । চাঞ্চল্যকৰ ৰাস্তাঘাট দুর্ঘটনাৰ পাছত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপে জেলৰ ভিতৰত কটালে তেওঁৰ জীৱনৰ প্ৰথম নিশা। আৰক্ষীৰ জিম্মাৰ পাছত ন্যায়ালয়ে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগে লগে স্থানান্তৰ কৰা হয় কেন্দ্ৰীয় কাৰাগাৰত।

জানিব পৰা মতে, প্ৰথম ৰাতিখন জেলৰ মহিলা শাখাত অতিবাহিত কৰে নন্দিনীয়ে। জেলৰ নিয়ম অনুযায়ী, তেওঁক সাধাৰণ কয়েদীৰ দৰে খাবাৰ প্ৰদান কৰা হয়। চৰ্চিত অভিনেত্ৰীগৰাকীক ইফালে নতুন পৰিবেশত মানাই ল’বলৈ কষ্ট হোৱা পৰিলক্ষিত হৈছে বুলি সূত্ৰৰ মাধ্যমেৰে জানিব পৰা গৈছে।

সাধাৰণ কয়েদীৰ দৰে পোছাক পৰিধান কৰি, জেলৰ অন্যান্য নিয়ম-শৃংখলা পালন কৰি চলিছে নন্দিনী কাশ্যপ। যদিও তেওঁক লৈ জেলৰ ভিতৰত কিছুটা উৎসুকতা দেখা গৈছে, কাৰাগাৰ কৰ্তৃপক্ষই নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখিছে।

নন্দিনী কাণ্ডে ৰাজ্যজুৰি যি চৰ্চা সৃষ্টি কৰিছে, সেই প্ৰেক্ষাপটত জেলৰ ভিতৰত অভিনেত্ৰীৰ পৰৱৰ্তী দিনবোৰ কেনেকৈ কটাব, তাৰ দিশে নজৰ ৰাখিছে সকলো।

