নলবাৰী জিলা ঘগ্রাপাৰ হৰিমন্দিৰত আজি ঘগ্রাপাৰ ব্লক কংগ্রেছৰ উদ্যোগত এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। ঘগ্রাপাৰ ব্লক কংগ্রেছৰ সভাপতি প্রাঞ্জল ডেকাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ব্লক সম্পাদক চামচুল আলমে।
সভাত সাংসদ প্রদুৎ কুমাৰ বৰদলৈ, নলবাৰী সমষ্টিৰ প্রাক্তন বিধায়ক তথা কংগ্রেছী নেতা অশোক শৰ্মা,অসম প্রদেশ কংগ্রেছ সমিতিৰ সাধাৰণ সম্পাদক প্রদুৎ কুমাৰ ভুঞা,দিব্যজোতি হালৈ, নলবাৰী জিলা কংগ্রেছৰ সভাপতি ৰাতুল পাটোৱাৰী, নলবাৰী জিলা মহিলা মৰ্চাৰ সভানেত্রী বিতুমনি দেৱীকে সহস্রধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
সভাত সাংসদ প্রদুৎ বৰদলৈ আৰু নলবাৰী সমষ্টিৰ প্রাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি চৰকাৰৰ লগতে মুখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰভাষাৰে সমালোচনা কৰে।ইয়াৰ অন্তত ঘগ্রাপাৰত মেডিকেল কলেজ ৰোডত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম হিতাধিকাৰীৰ তালিকাত থকাত কংগ্রেছৰ প্রতিবাদ।
